
Trust & Safety
ভুৱা পৰিশোধ সম্পৰ্কীয় এপ্সমূহ: নতুন জালিয়াতিৰ ট্ৰেণ্ডবোৰৰ বিষয়ে প্ৰতিজন ব্যৱসায়ীয়ে কি কি কথা জনা উচিত
PhonePe Regional|3 min read|06 September, 2024
সৰু নগৰ এখনৰ দোকানী মহেশে মচলাৰ এখন অসাধাৰণ অথচ আকৰ্ষণীয় দোকান চলায়। অঞ্চলটোলৈ অহা এজন নতুন বাসিন্দাই মহেশৰ দোকানলৈ সঘনাই আহিবলৈ আৰম্ভ কৰিছিল।
তেওঁ দৈনিক সৰু-সুৰা সামগ্ৰী কিছুমান কিনিছিল আৰু লাহে লাহে মহেশৰ সৈতে এক বিশ্বাসৰ সম্পৰ্ক গঢ়ি তুলিছিল। এদিন বাসিন্দাজনে মহেশক জনালে যে তেওঁ এটা গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰিবলৈ ওলাইছে আৰু তেওঁ প্ৰস্তুত কৰা সামগ্ৰীৰ তালিকাখনৰ বস্তুবোৰ কিনিবলৈ তেওঁক মহেশৰ সহায় লাগে। বস্তুখিনিৰ মুঠ দাম 10,000 টকা হৈছিল।
বস্তুখিনি লোৱাৰ পাছত, বাসিন্দাজনে কাউণ্টাৰত মহেশৰ কাষত থিয় হৈ QR কোড স্কেন কৰিলে আৰু পেমেণ্ট কৰা দেখুৱালে।
মহেশে বাসিন্দাজনৰ ফোনত লেনদেন সম্পূৰ্ণ হোৱা দেখি বিশ্বাস কৰিলে যে পেমেণ্ট সফল হৈছে। কিন্তু এই বাসিন্দাজন প্ৰকৃততে প্ৰৱঞ্চক আছিল যিয়ে আচল পেমেণ্ট এপৰ অনুকৰণ কৰিবলৈ ডিজাইন কৰা এটা ভুৱা পেমেণ্ট এপ ব্যৱহাৰ কৰিছিল, ইয়াৰ ফলত মহেশে ভাবিছিল যে টকাখিনি ট্ৰেন্সফাৰ হৈছে কিন্তু প্ৰকৃততে কোনো পেমেণ্ট হোৱা নাছিল।
এজন ব্যৱসায়ী হিচাপে আপুনি ভুৱা পেমেণ্ট এপৰ সৈতে জড়িত এই চিন্তনীয় প্ৰৱঞ্চনাৰ ট্ৰেণ্ডৰ বিষয়ে সজাগ হোৱা উচিত। অধিক জানিবলৈ পঢ়ি যাওক!
ভুৱা পেমেণ্ট এপ কি?
ভুৱা পেমেণ্ট এপবোৰ বৈধ পেমেণ্ট এপ্লিকেচনৰ নকল এপ। এইবোৰৰ UI, ৰঙৰ স্কীম আৰু জনপ্ৰিয় পেমেণ্ট এপৰ সামগ্ৰিক ৰূপৰ সৈতে খুবেই একে হয়, য’ত প্ৰায়েই সমগ্ৰ পেমেণ্ট প্ৰক্ৰিয়াৰ নকল কৰা হয়, ফলত ইহঁতৰ মাজত থকা পাৰ্থক্য তৎক্ষণাত বুজিবলৈ কঠিন হয়। ইয়াৰে কিছুমান নকল এপে আনকি বীপ অথবা চাইমৰ দৰে পেমেণ্ট নোটিফিকেচনৰ চাউণ্ডো অনুকৰণ কৰি এই ভ্ৰম অধিক পৰিমাণে বঢ়াই তোলে আৰু পেমেণ্ট পোৱা গৈছে বুলি মিছা পৰামৰ্শ দিয়ে। লগতে, এইবোৰে সফল লেনদেন দেখুৱাবলৈ বিশ্বাসযোগ্য পেমেণ্ট তথ্য প্ৰদৰ্শন কৰিব পাৰে, যাৰ পাৰ্থক্য তৎক্ষণাত বুজিব পৰাটো অত্যন্ত কঠিন হয়।
ভুৱা পৰিশোধ সম্পৰ্কীয় এপ্সমূহৰ পৰা কেনেকৈ সুৰক্ষিত হৈ থাকিব
প্ৰৱঞ্চকসকলে ভুৱা পৰিশোধ সম্পৰ্কীয় এপ্ ব্যৱহাৰ কৰি নিৰীহ ভুক্তভোগীক তেওঁলোকে লেনদেন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা বুলি পতিয়ন নিয়ায়। বাস্তৱতে তেওঁলোকে এটা ভুৱা এপ্হে ব্যৱহাৰ কৰে যিয়ে কেৱল পৰিশোধ সম্পৰ্কীয় লেনদেনৰ প্ৰৱাহক অনুকৰণ কৰে, যাৰ ফলত ভুক্তভোগীয়ে লেনদেনটো যে প্ৰকৃততে ভুৱা আছিছিল সেইয়া পাছতহে উপলব্ধি কৰিব পাৰে।ভুৱা পৰিশোধ সম্পৰ্কীয় এপ্সমূহৰ পৰা সজাগ হৈ থকাত আৰু নিজকে সুৰক্ষিত কৰি ৰখাত সহায় কৰা কেইটামান কিটিপ ইয়াত দিয়া হ’ল:
- লেনদেনৰ ইতিহাস পৰীক্ষা কৰক: সদায়েই আপোনাৰ পেমেণ্ট এপ অথবা বেংক একাউণ্টৰ জৰিয়তে লেনদেন সত্যাপন কৰক। কেৱল স্ক্ৰীনশ্বট অথবা নোটিফিকেচনৰ ওপৰত নিৰ্ভৰ নকৰিব।
- অসংগতিপূৰ্ণ তথ্য: লেনদেনৰ বিৱৰণত কোনো বিসংগতি আছে নেকি পৰীক্ষা কৰক। নকল এপবোৰৰ সৰু-সুৰা ত্ৰুটি অথবা বিসংগতি থাকিব পাৰে যিবোৰ লক্ষ্য কৰি আপুনি প্ৰৱঞ্চনাৰ প্ৰতি সতৰ্ক হ’ব পাৰে।
- চাপ দিয়াৰ কৌশল: উপযুক্তভাৱে সত্যাপন কৰিবলৈ সময় নিদিয়াকৈ আপোনাক এটা লেনদেন সম্পূৰ্ণ কৰিবলৈ খৰধৰ কৰাবলৈ চেষ্টা কৰা গ্ৰাহকৰ পৰা সাৱধান হওক।
- অজ্ঞাত এপ: আপোনালোকৰ অঞ্চলত সাধাৰণতে ব্যৱহাৰ কৰা বৈধ পেমেণ্ট এপবোৰৰ সৈতে নিজকে পৰিচিত কৰক। যদি কোনো গ্ৰাহকে কোনো অপৰিচিত এপৰ জৰিয়তে পৰিশোধ প্ৰদান কৰে, তেন্তে সাৱধানে আগবাঢ়ক।
মাৰ্চেণ্টসকলে কি কি অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগে
মাৰ্চেণ্টসকল ক্ৰমান্বয়ে ভুৱা পৰিশোধ সম্পৰ্কীয় এপ্সমূহৰ লক্ষ্য হৈ পৰিছে। প্ৰৱঞ্চকসকলে ব্যস্ত দোকান এখনত সৃষ্টি হোৱা বিশৃংখলতাৰ সুযোগ লৈ বা মাৰ্চেণ্ট এগৰাকী অন্য মনস্ক হৈ থকাৰ সুযোগ লৈ তেওঁলোকক এই ভুৱা পৰিশোধ সম্পৰ্কীয় এপ্সমূহৰ দ্বাৰা প্ৰতাৰণা কৰে। অৱশেষত মাৰ্চেণ্টগৰাকীয়ে প্ৰৱঞ্চনাৰ বাবে লোকচানতেই সামগ্ৰী আৰু সেৱা আগবঢ়াব লগা হয়।মাৰ্চেণ্টসকলৰ বাবে ইয়াত কেইটামান পৰামৰ্শ দিয়া হৈছে যিয়ে ভুৱা পৰিশোধ সম্পৰ্কীয় এপৰ জৰিয়তে হোৱা প্ৰৱঞ্চনা প্ৰতিহত কৰাত সহায় কৰিব।
- আপোনাৰ কৰ্মচাৰীসকলক শিক্ষিত কৰক: নিশ্চিত কৰক যে সকলো কৰ্মচাৰী এনে প্ৰৱঞ্চনাৰ বিষয়ে সচেতন হয় আৰু প্ৰৱঞ্চনামূলক লেনদেন কেনেদৰে চিনাক্ত কৰিব লাগে সেয়া জানে।
- সত্যাপন প্ৰক্ৰিয়া ৰূপায়ন কৰক: সামগ্ৰী অথবা সেৱা প্ৰদান কৰাৰ আগতে পেমেণ্ট ভেৰিফাই কৰাৰ বাবে এক মানসন্মত প্ৰক্ৰিয়া প্রস্তুত কৰক। ইয়াত অন্তৰ্ভুক্ত হৈ থাকিব পাৰে আপোনাৰ PhonePe স্মাৰ্টস্পীকাৰৰ পৰা পৰিশোধৰ বিশ্বাসযোগ্যতা প্ৰমাণীকৰণৰ বাবে অপেক্ষা কৰা (ভুৱা এপ্বোৰে এই সতৰ্কবাৰ্তাবোৰ চিনাক্তকৰণ কৰিব নোৱাৰে), লেনদেনৰ আইডি পৰীক্ষা কৰা বা আপোনাৰ পৰিশোধ প্ৰ’চেছৰৰ পৰা নিশ্চিতিৰ বাবে অপেক্ষা কৰা।
- সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে অভিযোগ জনাওক: যদি আপুনি কোনো সন্দেহজনক নকল পেমেণ্ট এপ দেখা পায়, তেন্তে তৎক্ষণাত সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু আপোনাৰ পেমেণ্ট প্ৰচেছৰক ইয়াৰ বিষয়ে অভিযোগ জনাওক।
যদি আপোনাক প্ৰৱঞ্চনা কৰা হৈছে অথবা আপুনি নকল পেমেণ্ট এপ দেখা পাইছে, তেন্তে আপুনি তলত দিয়া উপায়েৰে লগে লগে এই কথাৰ বিষয়ে জনাব পাৰে:
- PhonePe এপ: সহায় শাখালৈ যাওক আৰু “লেনদেনৰ ক্ষেত্ৰত সমস্যা হৈছে” বিকল্পৰ অধীনত সমস্যাটোৰ বিষয়ে জনাওক।
- PhonePe গ্ৰাহক সেৱা নম্বৰ: আপুনি সমস্যাৰ বিষয়ে জনাবলৈ 80–68727374 / 022–68727374ত PhonePe গ্ৰাহক সেৱাক কল কৰিব পাৰে, যাৰ পাছত গ্ৰাহক সেৱা বিষয়াই এটা টিকট সৃষ্টি কৰিব আৰু আপোনাৰ সমস্যাটোৰ ক্ষেত্ৰত সহায় কৰিব।
- ৱেবফৰ্ম জমা দিয়া: আপুনি PhonePeৰ ৱেবফৰ্ম https://support.phonepe.com/ ব্যৱহাৰ কৰিও টিকট সৃষ্টি কৰিব পাৰে
- ছ‘চিয়েল মিডিয়া: আপুনি PhonePeৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে প্ৰৱঞ্চনামূলক ঘটনাৰ বিষয়ে অভিযোগ জনাব পাৰে:
- Twitter: https://twitter.com/PhonePeSupport
- Facebook: https://www.facebook.com/OfficialPhonePe
- অভিযোগ: বিদ্যমান অভিযোগৰ বিষয়ে অভিযোগ জনাবলৈ, আপুনি https://grievance.phonepe.com/ত ল’গইন কৰি আগতে সৃষ্টি কৰা টিকটৰ ID শ্বেয়াৰ কৰিব পাৰে।
- চাইবাৰ চেল: শেষত, আপুনি নিকটতম চাইবাৰ ক্ৰাইম চেলত প্ৰবঞ্চনাৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা অনলাইনযোগে https://www.cybercrime.gov.in/ত অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা 1930ত চাইবাৰ ক্ৰাইম চেলৰ হেল্পলাইনৰ সৈতে যোগাযোগ কৰিব পাৰে।
নিৰাপদে থাকক, সতৰ্ক হৈ থাকক আৰু আপোনাৰ ব্যৱসায় সুৰক্ষিত ৰাখক।