
Trust & Safety
বৰ্ধিত চাকৰিৰ কেলেংকাৰী: চাকৰি প্ৰত্যাশীসকলক প্ৰৱঞ্চকসকলে কেনেদৰে ঠগি আছে
PhonePe Regional|4 min read|27 January, 2025
চাকৰিৰ সুযোগ বিচাৰি ফুৰা আৰু কম সময়তে চাকৰি এটা লোৱাৰ মানসিক চাপত অগণন লোকে ভুগি থকা আজিৰ পৃথিৱীত, কেলেংকাৰী আৰু জলিয়াতিয়ে এই সংবেদনশীল ক্ষেত্ৰখনত সোমাবলৈ বাট বিচাৰি পায়। বৰ্তমান সময়ত, চাকৰি জালিয়াতিৰ এটা আটাইতকৈ চিন্তনীয় দিশ হৈছে চৰকাৰী যেন বোধ হোৱা ভুৱা ইমেইল হেণ্ডলাৰ আৰু ভুৱা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ব্যৱহাৰ, যিবোৰৰ বৰ্ধিত ব্যৱহাৰৰ জৰিয়তে স্কেমাৰসকলে সাধাৰণ লোকক ঠগি তেওঁলোকৰ পৰা টকা আত্মসাৎ কৰে।
ৰিমোট চাকৰি বা ঘৰৰ পৰাই কৰিব পৰা চাকৰি বৃদ্ধিৰ লগতে উচ্চ নিবনুৱা হাৰৰ বাবে এনে চাকৰিৰ কেলেংকাৰী বাঢ়ি গৈছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনʼমী (CMIE)ৰ শেহতীয়া তথ্য অনুসৰি, 2024 চনৰ ছেপ্টেম্বৰলৈকে সমগ্ৰ দেশতে গড় নিবনুৱা হাৰ হৈছে 7.8 শতাংশ। এই পৰিস্থিতিৰ বাবেই প্ৰৱঞ্চকসকলে চাকৰি এটা বিচাৰি হাবাথুৰি খোৱা সহজ-সৰল চাকৰি প্ৰত্যাশীক ঠগিবলৈ তেওঁলোকৰ কাষ চাপিবলৈ সুবিধা পায়।
বৰ্ধিত ভুৱা ইমেইল হেণ্ডলাৰ
প্ৰৱঞ্চকে ব্যৱহাৰ কৰা আটাইতকৈ ভ্ৰান্তিমূলক পদ্ধতিবোৰৰ ভিতৰত এটা হৈছে সাইলাখ বৈধ কʼৰ্পৰেট যেন লগা ভুৱা ইমেইল এড্ৰেছৰ সৃষ্টি কৰা। এই ইমেইল হেণ্ডলাৰবোৰৰ নাম প্ৰায়ে কোনো বিখ্যাত কোম্পানীৰ নামৰ দৰে হয়, যাৰ ফলত চাকৰি প্ৰাৰ্থীসকলে নিঃসন্দেহে বিশ্বাস কৰি লয় যে তেওঁলোকৰ কথা-বতৰা এটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ নিয়োগকৰ্তাৰ সৈতে হৈছে।
উদাহৰণস্বৰূপে, কোনো স্কেমাৰে [email protected] নাইবা [email protected] ধৰণৰ ইমেইল এড্ৰেছ ব্যৱহাৰ কৰিব পাৰে, যিবোৰ আচল কʼৰ্পৰেট ইমেইল এড্ৰেছৰ দৰে প্ৰায়ে একে হয়। প্ৰামাণিক যেন লাগিবলৈ প্ৰায়েই এই ইমেলবোৰত অফিচিয়েল কোম্পানীৰ লʼগʼ, ঠিকনা থাকে আৰু আনুষ্ঠানিক যোগাযোগৰ সৈতে খাপ খোৱা পেছাদাৰী ভাষাত ইমেইল সৃষ্টি কৰা হয়।
প্ৰৱঞ্চকসকল ইমানদূৰ আগবাঢ়ি গৈছে যে তেওঁলোকে ঠগিবলৈ বিচাৰি থকা চাকৰি আবেদনৰ ক্ষেত্ৰ অনুসৰি অনলাইন সাক্ষাৎকাৰ পৰীক্ষাও পাতিব ধৰিছে। ইয়াৰ ফলত, তেওঁলোকে টকা বিচৰাৰ আগতেই সমস্ত প্ৰক্ৰিয়াটো অধিক বিশ্বাসযোগ্য হৈ উঠে।
চাকৰি প্ৰাৰ্থীয়ে ইমেইলৰ প্ৰতি সঁহাৰি দিয়াৰ পিছত, তেওঁলোকক এক আকৰ্ষণীয় চাকৰিৰ সুযোগ প্ৰদান কৰা হয় আৰু চাকৰি আৰম্ভ কৰাৰ আগতে “প্ৰচেছিং মাচুল” বা “প্ৰশিক্ষণ মাচুল” পৰিশোধ কৰিবলৈ কোৱা হয়। স্কেমাৰসকলে সেই টকা প্ৰাৰ্থীৰ বেকগ্ৰাউণ্ড পৰীক্ষা, ট্ৰেইনিং নাইবা ব্যৱহাৰ হোৱা সা-সৰঞ্জামৰ ব্যয় হিচাপে দাবী কৰে। কিন্তু, পৰিশোধ কৰাৰ পিছতেই চাকৰিৰ অফাৰ নোহোৱা হৈ পৰে আৰু প্ৰৱঞ্চকে ভুক্তভোগীৰ টকা লৈ অন্তৰ্ধান হয়।
এই পদ্ধতিটো বিশেষভাৱে বিপদজনক, কিয়নো ভুৱা ইমেইল এড্ৰেছবোৰ দেখাত ইমানেই বিশ্বাসযোগ্য হ’ব পাৰে যে আটাইতকৈ সতৰ্ক ব্যক্তিও ইয়াৰ ফান্দত পৰিব পাৰে। গতিকে বুজিব পৰা যায় যে কোনো চাকৰিৰ অফাৰ, বিশেষকৈ টকা পৰিশোধৰ অনুৰোধ কৰা চাকৰিৰ অফাৰসমূহ বৈধতা পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ।
ছ’চিয়েল মিডিয়া আৰু চাকৰি প্লেটফৰ্মৰ জৰিয়তে কেলেংকাৰী
শেহতীয়া বছৰবোৰত, স্কেমাৰসকলে তেওঁলোকৰ পৰৱৰ্তী ভুক্তভোগী বিচাৰি উলিয়াবলৈ ছ’চিয়েল মিডিয়া আৰু চাকৰিৰ প্লেটফৰ্মৰ ব্যৱহাৰো সঘনাই কৰিব ধৰিছে।
প্ৰৱঞ্চকসকলে সাধাৰণতে কোনো প্ৰতিষ্ঠিত কোম্পানী তৰফৰ পৰা বুলি দাবী কৰা প্ৰলোভনীয় চাকৰিৰ অফাৰৰ সৈতে চাকৰি প্ৰত্যাশীক যোগাযোগ কৰে। তেওঁলোকে মেছেজৰ যোগেৰে ব্যক্তিক যোগাযোগ কৰিব পাৰে নাইবা চাকৰি বিচাৰি ফুৰা সক্ৰিয় গ্ৰুপত বা অন্য প্লেটফৰ্মত ভুৱা চাকৰিৰ তালিকাও পোষ্ট কৰিব পাৰে। এই তালিকাবোৰত কম দক্ষতাৰ প্ৰয়োজন হোৱা, বেছি দৰমহাৰ পদবী আৰু ৱৰ্ক ফ্ৰম হোম সুবিধা থকা অফাৰ উল্লেখ থাকে যিবোৰে মূহুৰ্ততে কম সময়তে চাকৰি বিচাৰি ফুৰা প্ৰাৰ্থীসকলক আকৰ্ষিত কৰে।
ব্যক্তিজনে আগ্ৰহ প্ৰকাশ কৰাৰ পিছত, স্কেমাৰে ভুৱা KYC প্ৰক্ৰিয়া এটা কৰিবলৈ আগবাঢ়ে। এই প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণৰূপে বৈধ যেন লাগিব পাৰে আৰু এইবোৰে বিশ্বাস জন্মাই তোলে। আনুমানিক সত্যাপনৰ পিছত, চাকৰি প্ৰত্যাশীক জানোৱা হয় যে তেওঁলোকক কামৰ বাবে বাছনি কৰা হৈছে আৰু কেইটামান কাম বা এছাইনমেণ্ট সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকৰ দৰমহা পাবৰ কাৰণে এক ধাৰ্য অগ্ৰিম পৰিমাণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হয়। স্কেমাৰে দাবী কৰিব পাৰে যে সেইয়া “পৰিশোধ প্ৰক্ৰিয়াকৰণ মাচুল” বা বেংক একাউণ্টৰ সত্যাপনৰ এক অংশ। প্ৰাৰ্থীৰ বিশ্বাস পাবলৈ তেওঁলোকে প্ৰাৰ্থীৰ একাউণ্টত সামান্য টকাও ক্ৰেডিট কৰিব পাৰে। অৱশেষত, তেওঁলোকে ব্যক্তিজনক এৰাই চলিবলৈ আৰম্ভ কৰে আৰু ব্যক্তিজনে তেওঁলোকক পুনৰ যোগাযোগ কৰিব নোৱৰা হৈ পৰে। এই কেলেংকাৰীবোৰৰ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল যে ইয়াত প্ৰায়ে অতি ভাল পেকেজ আগবঢ়োৱা হয়, যাতে এইবোৰ বৈধ যেন লাগে। চাকৰি প্ৰত্যাশীসকলক ভুৱা চুক্তি, আনুষ্ঠানিক যেন লগা পদ আৰু দৰমহাৰ প্ৰতিশ্ৰুতি দিয়া হʼব পাৰে, কিন্তু তেওঁলোকে টকা পঠিওৱাৰ পিছত স্কেমাৰসকলৰ সৈতে যোগাযোগ কৰিব নোৱৰা হয়।
সাৱধান হ’বলগীয়া বিপদ সংকেতসমূহ
এই প্ৰতাৰণামূলক কৌশলবোৰ পৰিহাৰ কৰাৰ বাবে চাকৰি কেলেংকাৰীৰ লক্ষণবোৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ। সাৱধান হʼবলগীয়া কিছুমান বিপদ সংকেত তলত দিয়া হৈছে:
- অবাঞ্ছিত চাকৰিৰ প্ৰস্তাৱ: যদি আপুনি চাকৰিৰ বাবে আবেদন কৰা নাই আৰু কোনোবাই অপ্ৰত্যাশিতভাৱে আপোনাৰ কাষ চাপিছে, তেন্তে ই এক কেলেংকাৰী হ’ব পাৰে।
- টকাৰ বাবে অনুৰোধ: এটা বৈধ কোম্পানীয়ে আপোনাক কাম আৰম্ভ কৰাৰ আগতে বা আপুনি দৰমহা পোৱাৰ আগতে কেতিয়াও কোনো টকা পৰিশোধ কৰিবলৈ নকয়। বিশেষকৈ “প্ৰশিক্ষণ মাচুল”, “বেকগ্ৰাউণ্ড পৰীক্ষাৰ মাচুল”, বা “অন্যান্য মাচুল”ৰ বাবে কৰা অনুৰোধৰ পৰা সাৱধান হওঁক।
- প্ৰয়োজনতকৈ বেছি প্ৰলোভনীয় অফাৰ: স্কেমাৰসকলে প্ৰায়ে মানুহক অবাস্তৱিক প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰে, যেনে অধিক দৰমহাৰ চাকৰি যাৰ বাবে ন্যূনতম প্ৰচেষ্টা বা অৰ্হতাৰ প্ৰয়োজন হয়।
- ভুৱা ইমেইল এড্ৰেছ: যিকোনো ইমেইল এড্ৰেছ পুনৰাই পৰীক্ষা কৰক। অফিচিয়েল ডʼমেইনৰ পৰা হোৱা সামান্য তাৰতম্য মন কৰক – যেনে অতিৰিক্ত আখৰ, সংখ্যা বা অস্বাভাৱিক ডʼমেইন নাম।
- শীঘ্ৰে পদক্ষেপ লʼবলৈ তৎপৰ কৰা: যদি আপোনাক চিন্তা-বিবেচনা বা অনুসন্ধান কৰিবলৈ পৰ্যাপ্ত সময় নিদিয়াকৈ সিদ্ধান্ত ল’বলৈ তৎপৰ কৰা হয়, তেন্তে ই এক কেলেংকাৰী হ’ব পাৰে।
- অপেছাদাৰী যোগাযোগ: স্কেমাৰসকলে ভুল ব্যাকৰণ, বিচিত্ৰ ভাষা বা সাধাৰণ ভাষা (যেনে আপোনাৰ নামৰ সলনি “প্ৰিয় প্ৰাৰ্থী”) ব্যৱহাৰ কৰিব পাৰে, যিয়ে অফাৰটো ভুৱা বুলি সূচিত কৰিব পাৰে।
কেনেদৰে নিজক সুৰক্ষিত কৰিব
চাকৰিৰ কেলেংকাৰীৰ ভুক্তভোগী হোৱাৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ, এই পৰামৰ্শসমূহ অনুসৰণ কৰক:
- কোম্পানীটোৰ বিষয়ে অনুসন্ধান কৰক: সদায় কোম্পানীটোৰ বিষয়ে অনলাইনত চাওঁক আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইট সত্যাপন কৰক। চাকৰিৰ অফাৰৰ বৈধতা নিশ্চিত কৰিবলৈ অফিচিয়েল যোগাযোগ মাধ্যমৰ জৰিয়তে পোনপটীয়াকৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰক।
- কেতিয়াও চাকৰিৰ বাবে পৰিশোধ নকৰিব: প্ৰতিষ্ঠিত নিয়োগকৰ্তাসকলে নিযুক্তি বা দৰমহা প্ৰক্ৰিয়াকৰণৰ বিনিময়ত টকা নিবিচাৰে। যদি আপোনাক টকা বিচৰা হয়, তেন্তে কেলেংকাৰীৰ ই এক স্পষ্ট ইংগিত।
- বিশ্বাসযোগ্য প্লেটফৰ্ম ব্যৱহাৰ কৰক: সুখ্যাত জব বোৰ্ড আৰু কেৰিয়াৰ প্লেটফৰ্মহে চাওক, য’ত কোম্পানীবোৰে প্ৰকৃত চাকৰিৰ সুযোগসমূহৰ বিষয়ে পোষ্ট কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আগবঢ়োৱা অফাৰৰ প্ৰতি সতৰ্ক হ’ব, যিবোৰ বৈধ্যতা সত্যাপন কৰাটো কঠিন হয়।
- ইমেইল ডʼমেইন পৰীক্ষা কৰক: সম্পূৰ্ণ ইমেইল এড্ৰেছটো চাওঁক আৰু কোম্পানীৰ অফিচিয়েল ডʼমেইনৰ হোৱাটো নিশ্চিত কৰক।
- আপোনাৰ প্ৰবৃত্তিক বিশ্বাস কৰক: চাকৰিৰ অফাৰৰ বিষয়ে মনলৈ কোনো সন্দেহ আহিলে তেনে অফাৰ প্ৰতি সতৰ্ক হোৱাটোৱে শ্ৰেয়। বৈধ চাকৰিৰ অফাৰৰ বাবে আপুনি কেতিয়াও আগতীয়াকৈ টকা পঠিওৱাৰ প্ৰয়োজন নাই।
সামৰণি
চাকৰিৰ কেলেংকাৰী ক্ৰমাৎ বৃদ্ধি পাইছে আৰু প্ৰৱঞ্চকসকলে অধিক অত্যাধুনিক কৌশলৰ আশ্ৰয় লʼব ধৰিছে। কোম্পানীৰ অফিচিয়েল ডʼমেইন অনুকৰণ কৰা ভুৱা ইমেইল এড্ৰেছ আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰৱঞ্চনামূলক চাকৰিৰ জাননী অতিকৈ বিশ্বাসযোগ্য যেন লাগিব পাৰে। চাকৰি প্ৰত্যাশীসকল সতৰ্ক আৰু সংশয়ী হৈ থাকিব লাগে, বিশেষকৈ অফাৰবোৰ যেতিয়া প্ৰয়োজনতকৈ অধিক প্ৰলোভনীয়া হয় বা য’ত আগতীয়াকৈ টকা পৰিশোধ কৰাৰ প্ৰয়োজন হয়। যিকোনো চাকৰিৰ অফাৰৰ বৈধতা পৰীক্ষা কৰিবলৈ সদায়ে সময় লওঁক আৰু এনে কেলেংকাৰীৰ বলি নহ’বলৈ আপোনাৰ বিত্তীয় তথ্য সুৰক্ষিত কৰক। সচেতন আৰু সতৰ্ক হৈ থাকি, আপুনি নিশ্চিত ৰূপত সুৰক্ষিতভাৱে চাকৰিৰ সন্ধান কৰিব পাৰে আৰু আপোনাৰ কামৰ অভাৱৰ সুযোগ ল’বলৈ বিচৰা প্ৰৱঞ্চকসকলৰ পৰা আঁতৰি থাকিব পাৰে।
চাকৰি কেলেংকাৰীৰ ভুক্তভোগী হ’লে আপুনি কি কৰা উচিত
যদি আপুনি PhonePeত চাকৰি সম্বন্ধীয় কেলেংকাৰীৰ ভুক্তভোগী হৈছে, আপুনি লগে লগে বিষয়টো নিম্নলিখিত ধৰণে উত্থাপন কৰিব পাৰে:
- PhonePe এপ: সহায় শাখালৈ যাওক আৰু “লেনদেনৰ ক্ষেত্ৰত সমস্যা হৈছে” বিকল্পৰ অধীনত সমস্যাটোৰ বিষয়ে জনাওক।
- PhonePe গ্ৰাহক সেৱা নম্বৰ: আপুনি সমস্যাৰ বিষয়ে জনাবলৈ 80–68727374 / 022–68727374ত PhonePe গ্ৰাহক সেৱাক কল কৰিব পাৰে, যাৰ পাছত গ্ৰাহক সেৱা বিষয়াই এটা টিকট সৃষ্টি কৰিব আৰু আপোনাৰ সমস্যাটোৰ ক্ষেত্ৰত সহায় কৰিব।
- ৱেবফৰ্ম জমা দিয়া: আপুনি PhonePeৰ ৱেবফৰ্ম, https://support.phonepe.com/ব্যৱহাৰ কৰিও টিকট সৃষ্টি কৰিব পাৰে
- ছ’চিয়েল মিডিয়া: আপুনি PhonePeৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে প্ৰৱঞ্চনামূলক ঘটনাৰ বিষয়ে অভিযোগ জনাব পাৰে
Twitter — https://twitter.com/PhonePeSupport
Facebook — https://www.facebook.com/OfficialPhonePe
5. অভিযোগ: বিদ্যমান অভিযোগৰ বিষয়ে অভিযোগ প্ৰতিবেদন কৰিবলৈ, আপুনি https://grievance.phonepe.com/ত ল’গইন কৰি আগতে উত্থাপন কৰা টিকটৰ আইডি শ্বেয়াৰ কৰিব পাৰে। 6. চাইবাৰ চেল: শেষত, আপুনি নিকটতম চাইবাৰ ক্ৰাইম চেলত প্ৰবঞ্চনাৰ অভিযোগ প্রতিবেদন কৰিব পাৰে অথবা অনলাইনযোগে https://www.cybercrime.gov.in/ত অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা 1930ত চাইবাৰ ক্ৰাইম চেলৰ হেল্পলাইনৰ সৈতে যোগাযোগ কৰিব পাৰে।
গুৰুত্বপূৰ্ণ ৰিমাইণ্ডাৰ – PhonePeএ কেতিয়াও গোপনীয় বা ব্যক্তিগত বিৱৰণ নিবিচাৰে। phonepe.com ডʼমেইনৰ পৰা নহʼলে PhonePe বুলি দাবী কৰা সকলো মেইল উপেক্ষা কৰক। যদি আপুনি জালিয়াতিৰ সন্দেহ কৰিছে, অনুগ্ৰহ কৰি লগে লগে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।