PhonePe Blogs Main Featured Image

Trust & Safety

আপোনাৰ পৰিচয় সুৰক্ষিত কৰক আৰু আধাৰ কাৰ্ড জালিয়াতি প্ৰতিৰোধ কৰক

PhonePe Regional|3 min read|19 August, 2024

URL copied to clipboard

বিশ্বৰ সৰ্ববৃহৎ বায়’মেট্ৰিক প্ৰণালী আধাৰৰ জৰিয়তে ভাৰতীয়সকলে বায়’মেট্ৰিক আৰু জনসাংখ্যিক তথ্যৰ ভিত্তিত স্বেচ্ছাই 12টা অংকৰ এক অনন্য পৰিচয় লাভ কৰিব পাৰে।

বেংক একাউণ্ট খোলা, পাছপ’ৰ্ট উলিওৱা, ৰাজসাহায্য লাভ কৰা, চৰকাৰী আঁচনিৰ বাবে আবেদন কৰা ইত্যাদি কাৰ্যবোৰত আধাৰৰ জৰিয়তে সহজে প্ৰমাণীকৰণ কৰিব পাৰি। ম’বাইল নম্বৰৰ সৈতেও আধাৰ সংযোজিত হৈ থাকে আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে আধাৰক খুচুৰা বিনিয়োগকাৰীৰ চিনাক্তকৰণ নথি হিচাপে গ্ৰহণ কৰে।

আধাৰৰ আটাইতকৈ সুবিধাজনক বিশেষত্ব হৈছে OTP সত্যাপন, যাৰ দ্বাৰা ব্যক্তিয়ে যিকোনো স্থানৰ পৰা নিজৰ পৰিচয় সহজে প্ৰমাণীকৰণ কৰিব পাৰে।

বৰ্তমান ব্যাপক চাইবাৰক্ৰাইম বৃদ্ধিৰ যুগত, সুবিধা প্ৰদানৰ উদ্দেশ্যেৰে আগবঢ়োৱা পদ্ধতিসমূহে অজানিতে সেইসকল ব্যক্তিৰ তথ্য প্ৰকাশ কৰে, যিসকলৰ ওচৰত নিজৰ পৰিচয় সুৰক্ষিত ৰাখিবলৈ প্ৰয়োজনীয় সঠিক তথ্য নাথাকে।

এই ব্লগত, আমি বহলকৈ ব্যাখ্যা কৰিম যে স্কেমষ্টাৰে আধাৰ নম্বৰ আৰু বেংক একাউণ্টৰ মাজৰ সংযোগৰ অপব্যৱহাৰ কৰি কেনেকৈ ধন লুটে বা অননুমোদিত লেনদেন কৰে।

আধাৰ সম্পৰ্কীয় কিছুমান সচৰাচৰ UPI জালিয়াতিৰ কৌশল

  1. ফিছিং এটেক: ফিছিং হৈছে এক প্ৰৱঞ্চনামূলক পদ্ধতি, য’ত স্কেমাৰে নিজকে কোনো বেংক বা পেমেণ্ট এপৰ বিষয়া হিচাপে চিনাকি দি সহজ-সৰল লোকক তেওঁলোকৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰিবলৈ সৈমান কৰে।  আধাৰ-সংযোজিত কেলেংকাৰীৰ ক্ষেত্ৰত, প্ৰৱঞ্চকে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ আধাৰৰ বিৱৰণ বা UPI পিন আপডেট কৰিবলৈ মেছেজ বা ইমেইল পঠিয়াই। এনে ক্ষেত্ৰত, প্ৰেৰণ কৰা লিংক ভুৱা হয়‌ আৰু এইবোৰক সংবেদনশীল তথ্য ধৰি ৰাখিবলৈ প্রস্তুত কৰা হয়‌। 
  2. ভিছিং কল: ভিছিং হৈছে ফিছিঙৰ দৰে আন এক প্ৰৱঞ্চনামূলক প্ৰক্ৰিয়া, য’ত প্ৰৱঞ্চকে একাউণ্টৰ সত্যাপন বা সমস্যা সমাধানৰ অজুহাতত বেংক বা UIDAI-ৰ পৰা কল কৰা বুলি দাবী কৰি আধাৰ নম্বৰ, UPI পিন নাইবা OTP বিচাৰে। 
  3. চিম ছুৱেপ জালিয়াতি: এই পদ্ধতিত স্কেমাৰে ভুক্তভোগীৰ ফোন নম্বৰৰ ডুপ্লিকেট চিম কাৰ্ড উলিয়াই আৰু UPI লেনদেনৰ বাবে প্ৰেৰণ কৰা OTP আহৰণ কৰি সংযুক্ত বেংক একাউণ্ট এক্সেছ কৰে।
  4. ভুৱা এপ আৰু ৱেবছাইট: এই পদ্ধতিত প্ৰৱঞ্চকে আধাৰ আৰু বেংকিং বিৱৰণ কেপচাৰ কৰিবলৈ বৈধ UPI পেমেণ্ট সেৱাৰ সদৃশ এক নকল এপ বা ৱেবছাইট সৃষ্টি কৰে।

আধাৰ জালিয়াতিৰ পৰা নিজকে কেনেদৰে সুৰক্ষিত কৰিব

  1. ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিব: আপোনাৰ আধাৰ নম্বৰ, UPI পিন, OTP বা বেংকৰ বিৱৰণ ফোন, ইমেইল বা SMS-যোগে আনৰ সৈতে কেতিয়াও শ্বেয়াৰ নকৰিব।
  2. প্ৰকৃততা সত্যাপন কৰক: আপোনাৰ বেংক বা পেমেণ্ট সেৱা প্ৰদানকাৰীৰ পৰা অহা বুলি দাবী কৰা যিকোনো যোগাযোগৰ সত্যতা সদায়ে পৰীক্ষা কৰক। অফিচিয়েল ৱেবছাইটলৈ যাওঁক বা গ্ৰাহক সেৱাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক।
  3. আপোনাৰ ম’বাইল নম্বৰ সুৰক্ষিত কৰক: আপোনাৰ আধাৰ আৰু বেংক একাউণ্টৰ সৈতে লিংক হৈ থকা আপোনাৰ ম’বাইল নম্বৰ সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰক। ছিম সলনিৰ অনুৰোধৰ প্ৰতি সতৰ্ক হওক আৰু চিম কাৰ্ড হেৰুৱাৰ বিষয়ে লগে লগে জনাওক। 
  4. বিশ্বস্ত এপ ব্যৱহাৰ কৰক: কেৱল প্ৰমাণিত উৎস যেনে ইণ্ডাছ এপষ্ট’ৰ, গুগল প্লে ষ্ট’ৰ বা এপল এপ ষ্ট’ৰৰ পৰা আগবঢ়োৱা অফিচিয়েল আৰু বিশ্বস্ত UPI এপ ব্যৱহাৰ কৰক।
  5. লেনদেন নিৰীক্ষণ কৰক: যিকোনো অননুমোদিত কাৰ্যকলাপৰ বাবে নিয়মীয়াকৈ আপোনাৰ বেংক ষ্টেটমেণ্ট আৰু অতীত UPI লেনদেনসমূহ চাই থাকক। যিকোনো সন্দেহজনক লেনদেনৰ বিষয়ে তৎক্ষণাৎ জনাওক।
  6. এলাৰ্ট সক্ষম কৰক: আপোনাৰ বেংক একাউণ্ট সম্পৰ্কীয় যিকোনো কাৰ্যকলাপৰ বিষয়ে অৱগত হৈ থাকিবলৈ SMS বা ইমেইলৰ জৰিয়তে লেনদেন এলাৰ্ট ছেট আপ কৰক।

আধাৰ-সংযোজিত UPI কেলেংকাৰীৰ প্রতিবেদন কেনেদৰে কৰিব

আধাৰ আৰু UPI পেমেণ্ট সম্পৰ্কিত কোনো প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সন্দেহ হʼলে:

  1. আপোনাৰ বেংকৰ সৈতে যোগাযোগ কৰক: আপোনাৰ বেংকক তৎক্ষণাৎ জনাওক যাতে তেওঁলোকে আপোনাৰ একাউণ্ট ফ্ৰীজ কৰিব পাৰে আৰু অন্য কোনো অননুমোদিত কাৰ্যকলাপ ৰোধ কৰিব পাৰে।
  2. UIDAI-লৈ প্রতিবেদন কৰক: আপোনাৰ আধাৰ নম্বৰৰ যিকোনো অপব্যৱহাৰৰ বিষয়ে UIDAI-ক জনাওক। আপুনি তেওঁলোকৰ অফিচিয়েল ৱেবছাইট বা হেল্পলাইনৰ জৰিয়তে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে।
  3. অভিযোগ দাখিল কৰক: স্থানীয় আৰক্ষী আৰু চাইবাৰ ক্ৰাইম কৰ্তৃপক্ষক কেলেংকাৰীৰ বিষয়ে অৱগত কৰক। লগতে আপুনি ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ৰিপ’ৰ্টিং পʼৰ্টেলত অভিযোগ দাখিল কৰিব পাৰে।

আধাৰ কাৰ্ড জালিয়াতিৰ ভুক্তভোগী হʼলে PhonePe-ত সমস্যাটো কেনেদৰে উত্থাপন কৰিব

যদি আপোনাক কোনো প্ৰৱঞ্চকে PhonePe-ৰ জৰিয়তে ঠগিছে, তেন্তে আপুনি লগে লগে তলত দিয়া ধৰণে সমস্যাটো উত্থাপন কৰিব পাৰে:

  1. PhonePe এপ্: সহায় শাখালৈ যাওক আৰু “লেনদেনৰ ক্ষেত্ৰত সমস্যা হৈছে” বিকল্পৰ অধীনত সমস্যা উত্থাপন কৰক।
  2. PhonePe গ্ৰাহক সেৱা নম্বৰ: আপুনি সমস্যা উত্থাপন কৰিবলৈ 80–68727374 / 022–68727374-ত PhonePe গ্ৰাহক সেৱালৈ কল কৰিব পাৰে, আপুনি এয়া কৰাৰ পাছত গ্ৰাহক সেৱা বিষয়াই এটা টিকট উত্থাপন কৰিব আৰু আপোনাৰ সমস্যাটোৰ ক্ষেত্ৰত সহায় কৰিব।
  3. ৱেবফৰ্ম ব্যৱহাৰ কৰি দাখিল কৰা: আপুনি লগতে PhonePeৰ ৱেবফৰ্ম ব্যৱহাৰ কৰিও টিকট উত্থাপন কৰিব পাৰিব https://support.phonepe.com/
  4. ছ’চিয়েল মিডিয়া: আপুনি PhonePeৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তেও প্ৰৱঞ্চনামূলক ঘটনাৰ অভিযোগ দিব পাৰে

টুইটাৰ — https://twitter.com/PhonePeSupport

ফেচবুক — https://www.facebook.com/OfficialPhonePe

  1. অভিযোগ: এটা বিদ্যমান অভিযোগৰ বিষয়ে আপত্তি জনাবলৈ, আপুনি https://grievance.phonepe.com/-ত লগইন কৰিব পাৰে আৰু আগতে উত্থাপন কৰা টিকটৰ আইডি শ্বেয়াৰ কৰিব পাৰে।
  2. চাইবাৰ চেল: শেষত, আপুনি নিকটতম চাইবাৰ ক্ৰাইম চেলত প্ৰবঞ্চনাৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা অনলাইনত https://www.cybercrime.gov.in/-ত অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা 1930-ত চাইবাৰ ক্ৰাইম চেলৰ হেল্পলাইনৰ সৈতে যোগাযোগ কৰিব পাৰে।

Keep Reading