
Design
লাখ লাখ ভাৰতীয়ৰ বাবে গঢ়ি তোলা হৈছে বাধাহীন পেমেন্টৰ সুবিধা
PhonePe Regional|3 min read|23 April, 2021
লাখ লাখ ভাৰতীয়ৰ বাবে গঢ়ি তোলা হৈছে বাধাহীন পেমেন্টৰ সুবিধা
PhonePe এ শেহতীয়াকৈ 250 মিলিয়ন ইউজাৰৰ লক্ষ্য অতিক্ৰম কৰিছে আৰু UPI লেনদেনৰ ক্ষেত্ৰত সৰ্ববৃহৎ সেৱা হিচাপে আত্মপ্রকাশ কৰিছে। আমাৰ সৈতে এতিয়া 100 মিলিয়ন সক্রিয় ইউজাৰ আছে, যিটো দেশখনৰ আটাইতকৈ বৃহৎ লেনদেনকাৰী ইউজাৰ বেছ। আমি ইতিমধ্যে এক দীৰ্ঘ পথ অতিক্ৰম কৰিছোঁ আৰু ভাৰতৰ 500 খন চহৰত লাখ লাখ লোকক সগৌৰৱে সেৱা প্ৰদান কৰি আছোঁ।
ই প্ৰযুক্তিৰে সমৃদ্ধ হোৱাৰ উপৰিও, এটা সৰল আৰু সহজে বুজিব পৰা প্ৰডাক্ট ফ্ল’৷ নিয়মিতভাৱে নতুন প্ৰডাক্ট যোগ কৰা, সেৱাৰ মান আৰু লগতে গ্ৰাহকৰ অভিজ্ঞতা হৈছে গ্ৰাহকসকলে সদায় আমাৰ সেৱা ব্যৱহাৰ কৰাৰ মূল আধাৰ। আমাৰ এপত কৰা প্ৰতিটো পেমেন্ট যাতে আমাৰ গ্ৰাহকৰ বাবে আনন্দদায়ক হয় তাৰ বাবে আমি কেৱল গ্ৰাহকক সন্তুষ্টি প্ৰদান কৰাতেই সীমাবদ্ধ নাথাকি তাতকৈ অধিক কৰিবলৈ চেষ্টা কৰোঁ। আমি এয়া এইদৰে কৰোঁ!
সমগ্ৰ ভাৰতৰ বাবে ডিজিটেল পেমেন্ট গ্ৰহণ

আমাক দেশজুৰি পেমেন্টৰ এক বিকল্প হিচাপে গণ্য কৰা হয়। আমি এক বিশাল পৰিসৰৰ ইউজাৰৰ আধাৰ লাভ কৰাৰ অন্যতম প্ৰমাণ হৈছে, আমাৰ ইউজাৰসকলৰ প্ৰায় 80% লোক হৈছে দ্বিতীয় বা তৃতীয় অথবা তাতোকৈ পিছৰ বৰ্গৰ চহৰৰ লোক। এই লোকসকল ডিজিটেল পেমেন্টৰ সৈতে অতি কম পৰিমাণে পৰিচিত আৰু তেওঁলোক এনে পেমেন্ট মাধ্যমৰ আস্থা, সুৰক্ষা আৰু বিশ্বাসযোগ্যতা সম্পৰ্কে দ্বিধাগ্ৰস্ত।
গ্ৰাহকৰ সৈতে ভাৱ বিনিময় কৰাৰ সময়ত আমি উপলব্ধি কৰিছোঁ যে আমাৰ ইউজাৰসকলৰ যথেষ্ঠ সংখ্যক লোকে প্ৰথমবাৰৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰিছে আৰু আমাৰ দায়িত্ব তেওঁলোকক সহজে পেমেন্ট কৰিবলৈ শিকোৱাতেই সীমাবদ্ধ নহয়, বৰঞ্চ আমি ডিজিটেল মাধ্যমৰ বিষয়ে সজাগ হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে হাতে হাত ধৰি আগুৱাবলৈ চেষ্টা কৰিছোঁ।
এই অন্তৰ্দৃষ্টিলৈ লক্ষ্য ৰাখি আমি পদ্ধতি আৰু প্ৰক্ৰিয়াসমূহ গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে বিনিয়োগ কৰিছোঁ যি আমাক বিভিন্ন ক্ষেত্ৰ, অঞ্চল, ডিভাইচ আৰু পেমেন্ট শিতানৰ গ্ৰাহকৰ আচৰণ গভীৰভাৱে বুজি পোৱাত সহায় কৰিছে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে আমি আমাৰ এপৰ আনন্দদায়ক আৰু বিৰক্তিদায়ক দুয়োধৰণৰ অভিজ্ঞতা প্ৰদান কৰা দিশসমূহো চিনাক্ত কৰিছোঁ। তাৰ পাছত আমি আমাৰ পুংখানুপুংখ গৱেষণাত পোহৰলৈ অহা সমস্যাৰ কাৰকসমূহ সমাধান কৰিবলৈ প্ৰযুক্তি আৰু ডেটা-ফাৰ্ষ্ট পদ্ধতি গ্ৰহণ কৰিছোঁ।
আমাৰ এপ্ আপোনাৰ ভাষাত

আমাৰ বহু গ্ৰাহকে এপ্টো নিজৰ ভাষাত ব্যৱহাৰ কৰিবলৈ পচন্দ কৰে। এই কথা মনত ৰাখি আমি ৮ টা ভাৰতীয় ভাষাত সহায় আৰু সমৰ্থন আগবঢ়াওঁ। আঞ্চলিক ভাষাৰ টেলিফোনিক সেৱাৰ উপৰিও আমি এতিয়া এপ্, সহায়তা বিভাগ আৰু চ্যাট সহায়তাৰ বাবেও ভাষা বাছনি কৰাৰ সুবিধা আগবঢ়াইছোঁ। নিজৰ পচন্দৰ ভাষাত আমাৰ এপ্ ব্যৱহাৰ কৰিবলৈ বাছনি কৰা গ্ৰাহকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ বাবে আমি আমাৰ স্থানীয়কৰণৰ প্ৰতি অভাৱনীয় সঁহাৰি লাভ কৰিছোঁ।
সহায় কৰিবৰ বাবে আমি সদায় আছোঁ!

UPI পেমেন্টে কিদৰে কাম কৰে আৰু ইয়াৰ বিভিন্ন দিশৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবে আৰু VPA সৃষ্টি কৰা, নিজৰ UPI পিন ছেট কৰা আৰু বেংক একাউণ্ট লিংক কৰাৰ দৰে আনুষংগিক কাম কাজৰ বিষয়ে সজাগ নোহোৱাৰ বাবেই বহুতো ইউজাৰে ডিজিটেল পেমেন্ট পদ্ধতি ব্যৱহাৰ কৰাৰ সম্পৰ্কে দ্বিধাগ্ৰস্ত হৈ থাকে। আমি বিভিন্ন ভাষাত সহজে বুজিব পৰা সহায়ক প্ৰৱন্ধ আৰু শিক্ষামূলক ভিডিঅ’ প্ৰস্তুত কৰিছোঁ যাতে গ্ৰাহকসকলৰ অনব’ৰ্ডিং প্ৰক্ৰিয়া মসৃণ হয়। আমি এপত ইউজাৰসকলৰ সহায়ক হোৱাকৈ নিয়মীয়াকৈ অধিক চিত্ৰ আৰু ভিজুৱেল মিডিয়া যোগ কৰিছোঁ। লগতে প্ৰডাক্ট আৰু বিজনেছ টিমৰ সৈতে অংশীদাৰিত্ব কৰিছোঁ আৰু আমাৰ গ্ৰাহক সেৱাৰ সৈতে যোগাযোগ কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাৰ বাবে নিয়মীয়া প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, যাৰ ফলত এই হাৰ আজি 0.5% লৈ হ্ৰাস পাইছে।
অট’মেশ্বনৰ জৰিয়তে সমস্যাৰ ক্ষিপ্ৰ সমাধান

আমি আমাৰ 90% গ্ৰাহকৰ সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰোঁ আৰু আমি এই সংখ্যা অধিক কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। আমি আমাৰ সহায়তা পদ্ধতি স্বয়ংক্ৰিয় কৰিছোঁ যাতে গ্ৰাহকে নিজৰ পেমেন্ট সম্পৰ্কীয় সমস্যাবোৰ এপত সহজে ট্ৰেক কৰিব পাৰে আৰু তাৎক্ষণিক সঁহাৰি লাভ কৰে। ই গ্ৰাহকসকলক নিজৰ সমস্যাবোৰ গ্ৰাহক সেৱা বিষয়াৰ সহায়লৈ অপেক্ষা নকৰাকৈ নিজে সমাধান কৰাৰ সুবিধা প্ৰদান কৰে। আমি গ্ৰাহকক সমাধান আগবঢ়োৱাৰ ক্ষেত্ৰতো সম্পূৰ্ণ স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰিছোঁ। আজি সমস্যাসমূহৰ প্ৰায় 80% স্বয়ংক্ৰিয় প’ৰ্টেলৰ অভিজ্ঞতা আৰু ফোন IVR ৰ জৰিয়তে সমাধান কৰা হয়, যি সহায়তাৰ ক্ষেত্ৰত সন্তুষ্টিৰ হাৰ বৃদ্ধি কৰিছে আৰু আমি বিশ্বাস কৰোঁ যে আমি ইয়াক অধিক উন্নত কৰিব পাৰিম। গ্ৰাহকসকলে সন্মুখীন হোৱা যিকোনো সমস্যা সম্পৰ্কে যাতে আমাৰ পৰা কেইঘণ্টামানৰ ভিতৰতে সঁহাৰি লাভ কৰে আমি সেয়া নিশ্চিত কৰোঁ।
ভবিষ্যতৰ বাবে প্ৰস্তুতি
আমি সদায় আমাৰ গ্ৰাহকৰ পৰা শিকোঁ। আমি যিবোৰ মতামত লাভ কৰোঁ সেইবোৰ আমি নিয়মীয়াকৈ আমাৰ ডিজাইনিঙৰ অভিজ্ঞতাত সন্নিৱিষ্ট কৰোঁ যি সমগ্ৰ দেশৰ ইউজাৰক সৰ্বোত্তম পেমেন্টৰ অভিজ্ঞতা প্ৰদান কৰিব।